আজি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ পূজা

Share

আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰীলক্ষ্মী দেৱীৰ পূজা। ধন-ঐশ্বৰ্য্য-বিভূতি , সুখ-শান্তি , হৰ্ষ , আনন্দ , অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰীলক্ষ্মী পূজা। শ্ৰীলক্ষ্মী দেৱীৰ বন্দনাৰে মুখৰ হব ৰাজ্যৰ বিভিন্ন অঞ্চল । ঠাই বিশেষে এদিনীয়া , তিনিদিনীয়া তথা পাঁচদিনীয়া কাৰ্যসূচীৰে পালন কৰা হব লক্ষ্মী পূজা। মন কৰিবলগীয়া যে লক্ষ্মী পূজা ভাৰতৰ অসম , উৰিষ্যা , ত্ৰিপুৰা , পশ্চিমবংগ আদি ৰাজ্যৰ লগতে আন বহু কেইখন ৰাজ্যত পালন কৰা হয় ।  এই ৰাজ্যসমূহত দুৰ্গা পূজা অনুষ্ঠিত হোৱাৰ দৰেই লক্ষ্মী পূজাও অনুষ্ঠিত কৰা হয় । গুৱাহাটী মহানগৰীও ইয়াৰ ব্যতিক্ৰম নহয় । অৱশ্যে পুৱাই অহা এজাক বৰষুণে লক্ষ্মী দেৱীৰ পূজাৰ আনন্দ ম্লান পেলাব নেকি বুলি ভক্তপ্ৰাণ ৰাইজ চিন্তিত হৈ পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *