ৰাজ্যত পুনৰ চৰকাৰী চাকৰী পদ মুকলি

Share

নিৱনুৱা সকলৰ বাবে ভাল খবৰ । ৰাজ্যত পুনৰ মুকলি হ’ল  চৰকাৰী চাকৰী পদ । ৯৭১৭ টা শিক্ষকৰ পদ মুকলি কৰিছে শিক্ষা বিভাগে , ২১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া । স্নাতক শিক্ষকৰ ৮২৩০টা পদ আৰু স্নাতকোত্তৰ শিক্ষকৰ ১৪৮৭ টা পদত দিয়া হ’ব নিযুক্তি । এয়া কেৱল শিক্ষা বিভাগৰ বাবে হে পদ মুকলি কৰি দিছে । গুৱাহাটী বিদ্যালয় শিক্ষা বিভাগ আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ মাজত অনুষ্ঠিত হোৱা বৈঠক পাচত এই কথা প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী ডা০  ৰনোজ পেগুয়ে । শিক্ষা বিভাগৰ পৰা আবেদনৰ বাবে ৱেবছাইট মুকলি কৰি দিছে , ৱেবছাইটযোগে কৰিব পাৰিব আৱেদন কৰিব পাৰি শিক্ষাৰ্থী সকলে। ৱেবছাইটো হৈছে  WWW.madhyamik.assam.gov.in  । ২১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া ।

Leave a Reply

Your email address will not be published. Required fields are marked *