ভাৰত-মালদ্বীপৰ সম্পৰ্ক শক্তিশালী হোৱাৰ দিশে এখোজ

Share

বিগত সমসছোৱাত ভাৰতৰ বিৰুদ্ধে মত দিয়া মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জৰ স্থিতি সলনি হোৱা দেখা গৈছে । মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে চীনক অধিক গুৰুত্ব দিয়া লগতে ভাৰতৰ বিৰুদ্ধে মত আগবঢ়াই দুয়োখন দেশৰ মাজৰ সম্পৰ্ক বেয়াৰ দিশে গতি কৰিছিল । কিন্ত এতিয়া তাৰ বিপৰীত প্ৰতিশ্ৰুতিয়ে দেখা গল ।ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ ভুল বুজি পাবলৈ সক্ষম হৈছে । ভাৰত ভ্ৰমণলৈ অহা মালদ্বীপৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ বিদেশ মন্ত্ৰী এছ.জয়.শংকৰৰ সৈতে হোৱা আলোচনাৰ সময়ত স্বীকাৰ কৰে যে চীনৰ সৈতে বন্ধুত্ব থাকিলেও ভাৰতৰ সৈতেও মালদ্বীপৰ সম্পৰ্ক অতি পুৰণি । গতিকে ভাৰতৰ লগত আপোচ নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে ।

সোমবাৰে নতুন দিল্লীৰ হায়দৰাবাদ হাউচত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় তেওঁ । এই আলোচনাত সিদ্ধান্ত হয় যে মালদ্বীপৰ সেনাক ভাৰতীয় সেই প্ৰকিক্ষণ দিয়াৰ কাম অব্যাহত ৰাখিব । লগতে মালদ্বীপৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি ৪০০ নিযুত মাৰ্কিন ডলালৰ মুদ্ৰা বিনিময় চুক্তিৰো দুয়ো স্বাক্ষৰ কৰে । লগতে দুয়োখন দেশে মুক্ত বাণিজ্য চুক্তিক লৈও আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্ত লয় । এনেদৰে দ্বি-পাক্ষিক বৈঠকখনত বিভিন্ন বিষয় সামৰি লোৱা হয়

Leave a Reply

Your email address will not be published. Required fields are marked *