২৪ তাৰিখে অসম বৈঠকত লোৱা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Share

২৪ তাৰিখে দিছপুৰ জনতা ভৱনত অনুষ্ঠিত হ’ল অসম কেবিনেট বৈঠক ৷ অনুষ্ঠিত হোৱা এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ৷ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে এক সুখবৰ ৷  ২০২৪-২৫ বৰ্ষৰ চৰকাৰী বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীক সকলক প্ৰদান কৰা হ’ব চাইকেল ৷ ১৪৮,৫৫ কোটি টকা ব্যয়ৰে মুঠ ৩,২৩,৬৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক দিয়া হ’ব এই চাইকেল ৷ যাতে ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়াকৈ বিদ্যালয়লৈ আহে তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি সংবাদ মাধ্যমত সদৰি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ ইয়াৰোপৰিও গোৱালপাৰা হৈ আজাৰা-কাম্যখ্যালৈ অহা ৰে’লপথটো দুই লাইনযুক্ত কৰাৰ বাবে ৮ বিঘা ভূমি ৰে’ল বিভাগক দিয়াৰ সিদ্ধান্ত গ্ৰহণ  কৰিলে অসম চৰকাৰে ৷ ইয়াৰ লগতে আন কেইবাও সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *