সন্ধান ওলাল নতুন তেজৰ গ্ৰুপৰ

Share

আমি আমাৰ শৰীৰৰ অংগবোৰৰ বিষয়ে বুজি উঠাৰ পিছৰে পৰা আমাৰ তেজবোৰৰো যে কিছুমান গ্ৰুপ আছে সেয়াও নিশ্চয়কৈ জানিব পাৰিছিলো ।মানৱ শৰীৰত আমি চাৰি প্ৰকাৰৰ তেজৰ গ্ৰুপ থকা বুলি জানি আহিছোহক।সেইবোৰ হল- এ গ্ৰুপ,বি গ্ৰুপ,এ বি গ্ৰুপ আৰু ও গ্ৰুপ।কিন্তু শেহতীয়াকৈ মানৱ শৰীৰত আন এক তেজৰ গ্ৰুপৰ সন্ধান লাভ কৰিছে ব্ৰিটেইনৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ একাংশ বিজ্ঞানীয়ে,যি তেজৰ গ্ৰুপৰ নাম ৰখা হৈছে-এম এ এল । বিগত ৫০ বছৰে বিজ্ঞানীসকলে মানৱ শৰীৰত অন্য তেজৰ গ্ৰুপ থাকিব পাৰে বুলি গৱেষণা চলাই আছিলে আৰু অৱশেষত এই ৰহস্যৰ অৱসান ঘটাই ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষক তথা বিজ্ঞানীসকলে সন্ধান উলিয়ালে তেজৰ নতুন গ্ৰুপ এম এ এলৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *