আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৬ সংখ্যক তিৰোভাৱ তিথি ৷ পুৱাৰে পৰা গুৰুজনাৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ প্ৰতিখন সত্ৰ – নামঘৰ ৷ ভক্তিৰ ৰসেৰে জীপাল হৈ পৰিছে এতিয়া ৰাজ্যৰ চৌপাশ ৷ প্ৰতিখন সত্ৰ-নামঘৰতে পুৱাৰে পৰা আৰম্ভ হৈছে গুৰুজনাৰ নাম-প্ৰসংগ ৷ ১৪৪৯ চনত জন্ম গ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱে পোন প্ৰথমবাৰৰ বাবে নৱবৈষ্ণৱ-ধৰ্ম প্ৰচাৰ কৰিছিল ৷ ইয়াৰ উপৰিও তেওঁ সাধাৰণ অসমীয়া ভাষাৰ সলনি গীত,মাত, পদসমূহ বজ্ৰৱলী ভাষাত ৰচনা কৰিছিল ৷ যিসমুহ আজিও প্ৰচলিত হৈ আছে প্ৰতিজন অসমীয়াৰ মূখে-মূখে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১২ কুৰি বৰগীত ৰচনা কৰা কৰিছিল ৷ তাৰ ভিতৰত কেইটামান বৰগীত হৈছে – গোপালে কি গতি কৈলে, পাৱে পৰি হৰি, কম্পিত মাধৱ, মধুৰ মুৰুতি মুৰাৰু ৷ আজি তেওঁৰ এই পৱিত্ৰ তিৰোভাৱ তিথিত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰিছে প্ৰতিজন অসমীয়াই ৷