অসম বিধানসভাৰ এক অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱাভাৱে ঘোষণা কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে “তেওঁৰ পত্নীৰ লগতে পৰিয়ালৰ নামত থকা সকলো সম্পত্তি ৰাইজৰ সম্পত্তি হ’ব ।” লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়-যিখিনি সম্পত্তি কৰিছে অসমৰ ৰাইজকে দি যাব। মোৰ পুত্ৰ কন্যাৰ নামত একোৱেই নাথাকে। নিউজ লাইভো অসমৰ ৰাইজক দি থৈ যাব। ‘উইল’খন পঢ়িলে সকলো গম পাব।
৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত পূৰ্বৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰি তেওঁ কয় যে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নকৰাৰ কামটো তৰুণ গগৈ চৰকাৰে কৰি থৈ গৈছে। এই সন্দৰ্ভত গগৈ চৰকাৰে এনে এটা প্ৰস্তাৱ আনিছিল যে নতুনকৈ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগিব। কিন্তু পুৰণা জনজাতিসকলৰ কোনো ক্ষতি হ’ব নোৱাৰিব। জটিল কৰি গৈছে কংগ্ৰেছ দলেই। গতিকে এতিয়া যদি কংগ্ৰেছে ইয়াৰ সমাধান সূত্ৰ পাইছে তেওঁলোকে দিয়ক।