আজি সাংসদ হিচাপে শপত গ্ৰহণ কৰিব অমৃতপাল সিঙে

Share

সাংসদ হিচাপে শপত গ্ৰহণৰ বাবে সাজু হৈছে অমৃতপাল সিং । মন কৰিব লগিয়া কথা যে , কোৱো লিৰ্বাচনি প্ৰচাৰ নচলোৱাকৈয়ে পাঞ্জাৱৰ খাদুৰ চাহিব সমস্টিৰ পৰা বিজয় লাভ কৰিবলৈ সক্ষম হৈছিল অমৃতপালে ।

প্ৰায় ১ লাখ ৯০ হাজাৰ ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী কুলবীৰ সিং জিৰাক পিছ পেলাই বিজয় সাব্যস্ত কৰিছিল অমৃতপাল সিঙে । পাঞ্জাৱৰ ৱাৰিছ দে’ ৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব আগবঢ়াইছিল । ২০২৪ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত সাংসদ হিচাপে শপত গ্ৰহণ কৰাক লৈ অনিশ্চয়তাৰ সৃস্টি হৈছিল যদিও শুকুৰবাৰে ডিব্ৰুগড়ৰ পৰা দিল্লী লৈ ৰাওনা হয় অমৃতপাল ।

 ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয কাৰাগাৰত কাৰাবন্দী হৈ আছে অমৃতপাল । ৪দিনৰ বাবে আদালতে জামিন মঞ্জুৰ কৰিছে অমৃতপাল সিঙক । সাংসদ হিচাপে শপত গ্ৰহণৰ পাছত পাঞ্জাৱলৈ যোৱাৰ সম্ভাৱনাও আছে নেতাগৰাকীৰ । ৰাতিপুৱা ৪বজাতে বিশেষ IAF বিমানেৰে ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ সিংক লৈ যোৱা বুলি জানিব পৰা গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *