বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Share

ক্ৰমা९ বৃদ্ধি পাইছে বান পৰিস্থিতি ৷ বাঢ়ি অহা বানে ধাৰণ কৰিছে ভয়াবহ ৰূপ ৷ নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে পানীৰ পৰিমাণ ৷ যাৰ ফলত জলমগ্ন হৈ পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল ৷ বৃদ্ধি হোৱা বান আৰু নেৰানেপেৰাকৈ আহি থকা মুষলধাৰ বৰষুণৰ ফলত বুৰ গৈছে বহুকেইখন গাওঁ ৷ বান পৰিস্থিতিৰ বুজ ল’বলৈ আজি ডিব্ৰুগড়ত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ ডিব্ৰুগড়ত উপস্থিত হৈ বৰ্তমান চহৰখনত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাৰ বিষয়ে বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তাৰ পাছত চহৰখনৰ তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰি ভাঙি যোৱা দেনসমূহৰ মেৰামতি কৰাৰ লগতে আৱৰ্জনাৰে ভৰি পৰা দেনসমূহ মেচিনৰ সহায়ত চাফা কৰা হ’ব বুলি সংবাদ মাধ্যমত সদৰি কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয়,” আমি যিমান পাৰো ডিব্ৰুগড়বাসীক সহায় কৰিবলৈ চেষ্টা কৰিম” ৷ ইয়াৰ উপৰিও আজি টিংখং আৰু খোৱাঙতো বান পৰিস্থিতিৰ বুজ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *