দিছপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক

Share
বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ২৮খন জিলাৰ ৮৪টা ৰাজহ চক্ৰৰ ২,২০৮ খন গাঁৱৰ ১১ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বাৰিষাৰ দুটাকৈ বানে কৰা ক্ষয়ক্ষতিৰ তথ্য সংগ্ৰহ কৰাৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। আনহাতে আজিৰ পৰা ৰাজ্যৰ ভিন্ন জিলাত তিনিদিনৰ বাবে মন্ত্ৰীসকলে বাহৰ পাতি বান পৰিস্থিতি পৰ্যৱেক্ষণ কৰি ৰাজ্যৰ সমস্যা সমাধান কৰাৰ চেষ্টা চলাব বুলি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 
উল্লেখ্য যে, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, শিৱসাগৰ আৰু যোৰহাট জিলাত বিমল বড়া, চৰাইদেউত যোগেন মহন, ধেমাজি আৰু লখিমপুৰ জিলাত ডাঃ ৰণোজ পেগু, শোণিতপুৰ-বিশ্বনাথ আৰু দৰঙত পীযুষ হাজৰীকা, গোলাঘাটত অজন্তা নেওগ, নগাঁও আৰু মৰিগাঁৱত অতুল বৰা, মাজুলীত জয়ন্ত মল্লবৰুৱা, ওদালগুৰিত নন্দিতা গাৰ্লোচাই আজিৰ পৰা তিনিদিনৰ বাবে বাহৰ পাতি ক্ষয়ক্ষতিৰ পৰ্যবেক্ষণ কৰিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *