Jio ৰ নতুন প্লান, বাঢ়িল খৰচ

Share
আপোনালোকেওঁ হয়টো ব্যৱহাৰ কৰি আছে Jio চিম। তেন্তে আপোনালোকৰ বাবে আছে এক গুৰুত্বপূৰ্ণ খবৰ। যোৱা আঢ়ৈ বছৰে Jioই কৰা নাছিল কৰ বৃদ্ধি। কিন্তু এইবাৰ সকলোবোৰ  প্লেনতে বৃদ্ধি হ’ল দাম।
৩ জুলাইৰ পৰা ১২ৰ পৰা ২৫% দৰ বৃদ্ধি পালে Jio প্লেনৰ। যোৱা বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা ঘোষণা কৰে। ৰিলায়েন্স, Jioৰ info com ৰ অধ্য়ক্ষ আকাশ এম আম্বানীয়ে ঘোষণা কৰে যে নতুন প্লানৰ আৰম্ভণি, ইণ্ডাষ্ট্ৰি ইন’ভেছন আগবঢ়াবৰ বাবে  5G আৰু AI টেকন’লজি বিনিয়োগৰ জৰিয়তে পৰিৱেশ অনুকূলতা বৃদ্ধিৰ বাবে এনে দৰ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আটাইতকৈ কম ৰিছাৰ্জৰ দাম বৃদ্ধি হৈ ১৯ টকাৰ কৰা হ’ল যাৰ দাম আছিল ১৫ টকা। প্ৰায় ২৫% দাম বাঢ়িল এই প্লেনৰ। ৩৯৯  টকাৰ প্লেনৰ দাম বাঢ়ি এতিয়া হ’ল ৪৪৯ টকা। ৬৬৬ৰ যি ৮৪ আনলিমিটেড প্লেন আছিল সেয়া হল ৭৯৯। বাৰ্ষিক ৰিছাৰ্জ প্লেনৰ দাম ২০ৰ পৰা ২১ % বৃদ্ধি হৈ ১৫৯৯ ৰ পৰা হ’লগৈ ১৮৯৯। ২৯৯৯ প্লেমৰ বাবে এতিয়া ভৰিব লাগিব ৩৫৯৯ টকা। কোম্পানীয়ে বিবৃত্তি দিছে যে সকলো ২ GB প্ৰতিদিনে আৰু তাতকৈ অধিক প্লান আনলিমিটেড 5G দাতা উপলব্ধ হ’ব ৩ জুলাই ২০২৪ ৰ পৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *