অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

Share
বৃহস্পতিবাৰে নলবাৰী জিলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। উক্ত বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।নতুনকৈ মুকলি কৰা হ’ব সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ। নলবাৰী জিলাৰ ৪খন ধৰ্ম স্থানলৈ ৩কোটি টকাকৈ অনুদান দিব ৰাজ্য চৰকাৰে।ঐতিহ্যমণ্ডিত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী ছোৱালী মহাবিদ্যালয়ত নতুনকৈ প্ৰৱৰ্তন হ’ব বিজ্ঞান শাখা। নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ নিৰ্মাণ কৰা হ’ব এখন উৰণসেতু। দুচকীয়া বাহনত হেলমেট পৰিধান নকৰিলেহে ভৰিব লাগিব জৰিমনা। হেলমেট পৰিধান নকৰাৰ বাহিৰে আন কাৰণত আপুনি ভৰিব নালাগে জৰিমনা। একেদৰে তিনিচকীয়া বাহনৰ ক্ষেত্ৰত চাৰিবাৰলৈ জৰিমনা ৰেহাই দিয়া হ’ব। পাঁচ নম্বৰ ভুলৰ পৰাহে ভৰিব লাগিব জৰিমনা আৰু ড্ৰিংক এণ্ড ড্ৰাইভত থাকিব জৰিমনা।নলবাৰীত জিলাত নিৰ্মাণ কৰা হ’ব অত্যধুনিক ষ্টেডিয়াম। নলবাৰী জিলাৰ ৩৪৭ গৰাকী অ’বিবি শিক্ষকসকললৈ ২লাখকৈ এককালীন সাহায্য প্রদান কৰা হ’ব। নলবাৰী জিলাত ১৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব।মৰাপাগলাদিয়া আৰু বুঢ়াদিয়া নৈৰ পাৰত নিৰ্মাণ কৰা হ’ব মথাউৰি। টিহু সমষ্টিত ১৬ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব আৰু বৰক্ষেত্রীত ৩ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *