সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি মুৰ্মুৰ ভাষণ

Share
অষ্টাদশ লোকসভা গঠনৰ পাচত বৃহস্পতিবাৰে সংসদৰ উভয় সদনৰ যৌঠ অধিৱেশনত দিয়া ভাষণত দেশৰ ক’লা অধ্যায় জৰুৰী অৱস্থাক তীব্ৰ সমালোচনা কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ভাষণত ৰাষ্ট্ৰপতি গৰাকীয়ে কয়, ‘সংবিধানৰ ওপৰত সৰ্ববৃহৎ আক্ৰমণ আছিল জৰুৰী অৱস্থা’। সংবিধানৰ ওপৰত একাধিকবাৰ আক্ৰমণ হৈছে। চৰকাৰে সংবিধানক জনচেতনাৰ অংশ হিচাপে গঢ়ি তোলাৰ চেষ্টা কৰিছে। 
ভাষণত ৰাষ্ট্ৰপতিয়ে শেহতীয়া  প্ৰশ্নকাকত আগতীয়াকৈ ৰাজহুৱা হোৱা ঘটনা, লোকসভা নিৰ্বাচনত কাশ্মীৰত ভোটদাতাৰ ব্যাপক সঁহাৰি, ই ভি এম, মণিপুৰৰ হিংসা, কৃষিখণ্ড, চৰকাৰে দাখিল কৰিবলগীয়া সাধাৰণ বাজেট, দেশত প্ৰযোজ্য হ’বলগীয়া নতুন ফৌজদাৰী আইন আদি বিভিন্ন বিষয় সামৰি লয়। তৃতীয় মোদী চৰকাৰে দাখিল কৰিবলগীয়া প্ৰথমখন সাধাৰণ বাজেট অত্যন্ত ভৱিষ্যত কেন্দ্ৰীক আৰু সংস্কাৰমুখী হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে। 

Leave a Reply

Your email address will not be published. Required fields are marked *