আদালতৰ নিৰ্দেশত সলনি কৰা হ’ল তদন্তকাৰী বিষয়া

Share

আদালতৰ নিৰ্দেশত সলনি কৰা হল তদন্তকাৰী বিষয়া

অসম লোকসভা আয়োগৰ ( এ পি এচ চি ) পৰীক্ষাৰ কেলেংকাৰীক লৈ আদালতৰ কঠোৰ স্থিতিৰ পাছত সলনি কৰা হ’ল তদন্তকাৰী বিষয়া । টকাৰ বিমিময়ত চাকৰি দিয়াৰ কেলেংকাৰী তদন্তৰ বাবে চি আই ডিৰ উপ-আৰক্ষী অধীক্ষক (ডি এচ পি) উপেন কলিতাৰ দায়িত্ব দিয়া হয় । ইয়াৰ পূৰ্বেও ২০২৩ চনৰ ৩০ ছেপ্তেম্বৰত গঠন হোৱা এ পি এচ চি পৰীক্ষা কেলেংকাৰীৰ গোচৰৰ বাবে চি আই টিৰ সহায়ক হিচাপে ৰখা হৈছিল । ইয়াৰ মাজতে আদালতৰ কঠোৰ নিৰ্দেশত পূৰ্বৰ তদন্তকাৰী বিষয়া প্ৰতীক থুবেৰ ঠাইত এ পি এচ চি কেলেংকাৰীৰ তদন্তকাৰী বিষয়া হিচাপে উপেন কলিতাৰ দায়িত্ব দিয়া হয় ।

      এইদখিনিতে মন কৰিবলগীয়া কথা যে, পূৰ্বৰ এ পি এচ চি কেলেংকাৰীৰ তদন্তকাৰী বিষয়া সুৰজিত সিং পানেচাৰে এ পি এচ চি কেলেংকাৰী তদন্ত প্ৰক্ৰিয়া উদঘাটন কৰি কুখ্যাত অধ্যক্ষ ৰাকেশ পাল সহ ইজনৰ পিচত আনজন ৰাজপত্ৰিক বিষয়াক গ্ৰেপ্তাৰ কৰিছিল । কিন্তু বৰ্তমান কেলেংকাৰীৰ গোচৰত পালমৰা অভিযোগনামা, তথ্য, প্ৰমাণ থকা সত্বেও একাংশ প্ৰাৰ্থী (  বিষয়া )ৰ সন্নিৱিষ্ট নোহোৱাত ক্ষুণ্ণ হৈ পৰিছে আদালত । যাৰ বাবে এ পি এচ চি  পৰীক্ষাৰ গোচৰৰ তদন্তকাৰী বিষয়া সলনি কৰি পৰৱৰ্তী তদন্ত আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *