৫১ কোটি টকাৰে নিৰ্মিত হ’ব গুৱাহাটী জিলা পুঁথিভৰালৰ নতুন ভৱন। গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত থকা গুৱাহাটী জিলা পুঁথিভৰালৰ বৰ্তমানৰ ভৱনটো ভাঙি পেলোৱা হ’ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে গুৱাহাটী জিলা পুঁথিভৰালটো ভাঙি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পৰিৱৰ্তে উক্ত স্থানত নিৰ্মাণ কৰা হ’ব অত্যাধুনিক সা-সুবিধাৰে ভৰপূৰ এটা নতুন ভৱন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডলযোগে এই কথা সদৰি কৰে। তেওঁ প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰস্তাৱিত প্ৰকল্পটো মুঠ ৫১ কোটি টকাৰে নিৰ্মিত হ’ব।
উল্লেখ্য যে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া ভৱনটো ভূগৰ্ভৰ মহলা অৰ্থাৎ বেছমেণ্ট আৰু ভূমহলাৰ উপৰি ওপৰত ৬ টা মহলা থকাৰ লগতে পুঁথিভৰালৰ বাবে চাৰিটা মহলা, তিনিটা মহলাত পঢ়াৰ স্থান, কিতাপ ৰখা স্থান, কাফেটেৰিয়া, পাৰ্কিং আদি এলেকা থাকিব।