দলৰ পৰা বহিষ্কাৰ হ’ব নেকি বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকী

Share

৭ মে’ত তৃতীয় পৰ্যায়ত অসমত ভোটগ্ৰহণ চলি থকা অৱস্থাতেই চৰকাৰক সমালোচনা কৰি বিস্ফোৰক মন্তব্য কৰিছিল নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ৷ তেওঁ কৈছিল ধাৰ কৰি বৰ বেছিদিন চৰকাৰ চলাব নোৱাৰি। অশোক শৰ্মাই কৰা মন্তব্যৰ পিছতে পুৰণি আৰু ন-বিজেপিৰ মাজত সংঘাট আৰম্ভ হয়।যাৰ বাবে ৰাজ্যিক বিজেপিয়ে প্ৰাক্তন বিধায়ক অশোক শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে। ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ নির্দেশ মৰ্মে এই জাননী প্ৰেৰণ কৰিছে । সংবাদ মাধ্যমৰ আগত ৰাজহুৱাভাৱে দলীয় নেতৃত্বক সমালোচনা কৰা আৰু দলৰ আভ্যন্তৰীণ বিষয় ৰাজহুৱাভাৱে উপস্থাপন কৰি দলক জনতাৰ আগত অপবাদ প্রতিপন্ন কৰাৰ অভিযোগ উত্থাপন হৈছিল। গতিকে ২০ মে’ৰ ভিতৰত ৰাজ্যিক সমিতিৰ মুখ্য কাৰ্যালয়ত উপযুক্ত কাৰণ দৰ্শাই লিখিত পএ দাখিল কৰিবলৈ জাননীযোগে নিৰ্দেশ দিছে বিজেপিৰ জ্যেষ্ঠ নেতাজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *