ঢকুৱাখনাত কালিৰ পৰা আৰম্ভ হ’ল ফাটবিহু

Share

ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ পাৰত লোক-সংস্কৃতিৰ বৃহৎ আয়োজন।ঢোল-পেঁপা-গগনাৰ অমিয়া সুৰেৰে মাজত ম’হঘুলি চাপৰিত আৰম্ভ ফাট বিহু। সংস্কৃতিৱান ঢকুৱাখনা বাসীৰ মাজত পাৰহীন উছাহ আৰু আনন্দৰ লহৰ তুলি কালিৰে পৰা তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ’ল গৰিমামণ্ডিত ফাটবিহু। ঢকুৱাখনাৰ আয়ুসৰেখা স্বৰূপ চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত পুৱাতেই গোট খালেহি হাজাৰ হাজাৰ মানুহ। পৰম্পৰাগত জাতীয় সাজপাৰ পৰিধান কৰি বিহু বলিয়া ৰাইজৰ সমাগমেৰে চালে চকুৰোৱা হৈ পৰিল ম’হঘুলি চাপৰি। অপূর্ব শোভাৰে পুলকিত হ’ল বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ পুণ্যস্থলী ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি।ফাটবিহু উদ্যাপন সমিতিৰ বিষয়ববীয়া, কর্মকর্তা আৰু বিহুপ্ৰেমীৰ উপস্থিতিত পতাকা উত্তোলন কৰি সভাপতি শইকীয়াই কয়- ফাটবিহু ঢকুৱাখনাৰ স্বকীয় লোক উৎসৱ যদিও ই অসমৰ লোক-সংস্কৃতিৰ ভঁৰালৰ এক আপুৰুগীয়া সম্পদ হিচাপে জিলিকি আছে। ফাটবিহু ঐক্য-সম্প্রীতি-ভাতৃত্ববোধ আৰু সমন্বয়ৰ প্ৰতীক বুলি অভিহিত কৰি সভাপতিগৰাকীয়ে পুনৰ কয় যে প্ৰকৃতি আৰু মানুহৰ সৈতে একাত্ম হৈ থকা অনুপম দৃশ্যই ফাটবিহুৰ বিশেষ ঐতিহ্য বহন কৰি আহিছে। ফাটবিহু বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ জীৱন উৎসৱ।কালি প্রথমদিনাই তিনি কুৰিৰো অধিক বিহুদলৰ বিহুৱাৰ ঢোল, তাল, পেঁপা, বাঁহীৰ অমিয়া সুৰ আৰু নাচনীৰ টকা, গগনা, সুতুলিৰ শব্দ আৰু লয়লাস নাচোনৰ ছন্দত ঢকুৱাখনাৰ আকাশ-বতাহ মুখৰ হৈ পৰে।বিয়লিলৈ অনুষ্ঠিত হয় টকাবিহু আৰু চেমনীয়াৰ হুঁচৰি প্ৰতিযোগিতা। হাজাৰ হাজাৰ বিহুপ্ৰেমীৰ উপস্থিতিৰে উখল-মাখল হৈ পৰা ফাটবিহু বাকৰিৰ মুকলি মঞ্চত ৪০টাৰো অধিক টকাবিহু আৰু ২০টাৰো অধিক চেমনীয়াৰ বিহু দলে বিহু প্ৰদৰ্শন কৰি ফাটবিহুক মহীয়ান কৰি তোলে। আজি পুৱা ১০ বজাৰ পৰাই অনুষ্ঠিত হয় গামোচা প্রতিযোগিতা। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব সকলো জনগোষ্ঠীৰ বাবে মুকলি থকা পূর্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। ইয়াৰ পিছতে বিয়লি ফাটবিহুৰ বছৰেকীয়া প্রকাশ ‘বিহুৱান’ উন্মোচন কৰিব বিশিষ্ট কবি তথা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ড° প্রণয় ফুকন ডাঙৰীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *