মহাকাশ সংস্হাটোৰ এক বিবৃতিত কোৱা হৈছে যে ইছৰোৱে ৯ মে’ত ৬৬৫ ছেকেণ্ডৰ বাবে এ এম প্ৰযুক্তিৰ জৰিয়তে নিৰ্মিত লিকুইড ৰকেট ইণ্ঞ্জিনৰ সফল গৰম পৰীক্ষণৰ জৰিয়তে এই ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰে। উল্লেখ্য যে বেংগালুৰু ইছৰোৱে সফলতাৰে নিজৰ PS4 ইণ্ঞ্জিনৰ দীৰ্ঘকালীন পৰীক্ষা চলাইছে,যিটো অত্যাধুনিক এডিটিভ মেনুফেকচাৰিং কৌশল ব্যৱহাৰ কৰি উ९পাদনৰ বাবে পুনৰ ডিজাইন কৰা হৈছে।যিটো সাধাৰণ ভাষাত জনা যায় 3D প্ৰিণ্টিং হিচাপে।ভাৰতীয় উদ্যোগত নিৰ্মিত,মহাকাশ সংস্হাটোৱে কয় যে এতিয়া একক টুকুৰা হোৱা এই নতুন ইণ্ঞ্জিনটোৱে ৯৭ শতাংশ কেঁচামাল ৰাহি কৰাৰ লগতে উ९পাদনৰ সময় ৬০ শতাংশ হ্ৰাস কৰে। গতানুগতিক মেচিনিং আৰু ৱেল্ডিং পথত নিৰ্মিত PS4 ইণ্ঞ্জিন PSLV ৰ চতুৰ্থ পৰ্যায়ৰ বাবে ব্যৱহাৰ কৰা হৈছে যাৰ ভেকুয়াম অৱস্হাত ৭.৩৩ KN থ্ৰাষ্ট আছে। একেটা ইণ্ঞ্জিনকে পিএছএলভিৰ প্ৰথম পৰ্যায়ৰ (পিএছ১)ৰিয়েকচন কণ্ট্ৰল চিষ্টেম (আৰচিএছ) ব্যৱহাৰ কৰা হয় বুলি প্ৰকাশ কৰে ।