ৰামলালাৰ বাবে অসমৰ এৰি আৰু মুগাৰে তৈয়াৰ কৰা হ’ল এযোৰ বিশেষ বস্ত্ৰ

Share

অক্ষয় তৃতীয়া উপলক্ষে অযোধ্যাৰ ৰামলালাক পৰিধান কৰোৱা হ’ল এযোৰ বিশেষভাৱে তৈয়াৰ কৰা বস্ত্ৰ ৷ এই পোছাকযোৰ বিশেষকৈ নিৰ্মাণ কৰা হৈছে এৰি আৰু মুগাৰে ৷ মাত্ৰ ৪৫ দিনৰ ভিতৰতে ৰামমন্দিৰৰ অভিচিয়েল ডিজাইনাৰ মনীষ ত্ৰিপাঠী  আৰু তেওঁৰ সহযোগী দল এটাই তৈয়াৰ কৰি উলিয়াই এই আটক ধুনীয়া বিশেষ পোছাকযোৰ ৷ লগতে এই পোছাকযোৰত প্ৰয়োজন হোৱা সকলো সামগ্ৰীৰ যোগান ধৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ৷ আজি ৰাতিপুৱা আৰতিৰ কৰা আগমূহুৰ্তত ৰামলালাক পৰিধান কৰোৱা হ’ল  বিশেষভাৱে তৈয়াৰ কৰি উলিওৱা পোছাক ৷ আজিৰ এই শুভ ক্ষণে গৌৰাম্বিত কৰি তুলিলে প্ৰতিজন অসমীয়াক ৷ ৰামলালাই এৰি আৰু মুগাৰে বিশেষভাৱে তৈয়াৰ কৰা পোছাকযোৰ পৰিধান কৰাৰ ফলত  এতিয়া সমগ্ৰ বিশ্বই এৰি আৰু মুগাক আকৌ ভালকৈ চিনি পাব বুলি মন্তব্য কৰিলে  ৰামমন্দিৰৰ অভিচিয়েল ডিজাইনাৰ মনীষ ত্ৰিপাঠীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *