সম্পূৰ্ণ হ’ল চাৰি সমষ্টি তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ কাৰ্যসূচী ৷ অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল ভোট গ্ৰহণ ৷ ১৯ এপ্ৰিলত অনুষ্ঠিত হৈছিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ঠিক তেনেকৈ ৭ মে’ত অনুষ্ঠিত হ’য় চাৰিটা সমষ্টিত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ এই সমষ্টি কেইটা ক্ৰমে- কোকৰাঝাৰ,ধুবুৰী, গুৱাহাটী আৰু বৰপেটা ৷ বতৰ বেয়া সত্বেও লগত ছাতি লৈ ৰাতিপুৱা ৭টা বজাত ওলাই আহিল সাধাৰণ জনতা ৷এই প্ৰতিকূল বতৰকো নেওচি একেলগে শাৰী পাতি জনসাধাৰণৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মন্ত্ৰী, প্ৰাৰ্থী আৰু নেতাসকলেও ৷ চাৰিটা সমষ্টিৰ সমষ্টিত ভোটদানৰ হাৰ হৈছে ৮১.৬১ শতাংশ ৷ সমষ্টি অনুযায়ী ভোটদানৰ হাৰ – ধুবুৰীত ৮৫.৯৩ শতাংশ, বৰপেটা ৮২.০২ শতাংশ, গুৱাহাটীত ৭৫.৭৬ শতাংশ আৰু কোকৰাঝাৰত ৭৮.৪৬ শতাংশ৷ইয়াৰ উপৰি তৃতীয় পৰ্যায়ৰ ভোটদান কেন্দ্ৰৰ মুঠ সংখ্যা হৈছে- ৯,৫১৬ টা ৷ ইয়াৰে কোকৰাঝাৰত ১,৮৬২টা, ধুবুৰীত ৩,০২৪ টা, গুৱাহাটীত ২,১৭৫ টা আৰু বৰপেটাত ২,৪৫০ টা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে ৷ তৃতীয় পৰ্যায়ৰ চাৰিটা সমষ্টিত অনুষ্ঠিত কৰা মুঠ ভোটাৰৰ সংখ্যা ৮্১,৪৯,০৪১ গৰাকী ৷ ইয়াৰে ৪১,০০৫৪৪ জন পুৰুষ আৰু ৪০,৪৮,৪৩৬ গৰাকী হৈছে মহিলা ৷ তাৰোপৰি ভোট কেন্দ্ৰৰ ভিতৰত ১,৪৭৪ টা ভোট কেন্দ্ৰ নগৰ অঞ্চলত আৰু ৮০৪২ টা গ্ৰাম্যঞ্চলত অনুষ্ঠিত কৰা হয় ৷ য’ত ইয়াৰে ৩২৬ টা মহিলাৰ দ্বাৰা পৰিচালিত কৰা হৈছে আৰু ৮৪ টা হৈছে আদৰ্শ কেন্দ্ৰ ৰুপে চিহ্নিত ৷ চাৰিটা সমষ্টিৰ মুঠ ৪৭ গৰাকীয়ে প্ৰতিদ্বন্দিতাত অৱৰ্তীৰ্ণ হৈছে ৷ য’ত ৪১ জন পুৰুষ আৰু ৬ গৰাকী মহিলা ৷ অপেক্ষা মাথোঁ এতিয়া ৬ জুনৰ ভোট গণনাৰ বাবে।