দেওবাৰে মাজনিশাৰ সময়ছোৱাত উত্তৰ প্ৰদেশৰ আমেথিত অৱস্থিত কংগ্ৰেছ দলৰ কাৰ্যালয়ত একাংশ অচিনাক্ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে। দুষ্কৃতিকাৰীয়ে কাৰ্যালয়ৰ বাহিৰত ৰখাই থোৱা কেইবাখনো বাহন ভাঙি হুলস্থুলৰ সৃষ্টি কৰি পলায়ন কৰাৰ ফলত দলীয় কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।উক্ত ঘটনাৰ পিছতে কংগ্ৰেছৰ জিলা সভাপতি প্ৰদীপ সিংল দলৰ কাৰ্যালয়লৈ উপস্থিত হয়।ঘটনাটোৰ পিছতে চি অ’ চিটি মায়ংক দ্বিবেদীৰ সৈতে এক গধুৰ আৰক্ষী বাহিনী ঘটনা স্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰী দলৰ কৰ্মীসকলক শান্ত কৰাৰ চেষ্টা কৰে। চি অ’ চিটি দ্বিবেদীয়ে আশ্বাস দিছে যে বিষয়টোৰ তদন্ত আৰু ঘটনাৰ দোষীসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্হা গ্ৰহণ কৰা হ’ব।জানিব পৰা মতে বৰ্তমান সময়লৈকে উত্তৰ প্ৰদেশ আৰক্ষীয়ে আক্ৰমণকাৰী সকলৰ কোনো ধৰণৰ সূংসূত্ৰ বিচাৰি উলিয়াব পৰা নাই।