জাগীৰোডত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ প্ৰচাৰ অভিযান

Share

লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। চাৰিওফালে কেৱল এতিয়া চলিছে নিৰ্বাচনীৰ গৰম বতাহ। এফালে অসমীয়াৰ অতিকৈ চেনেহৰ বাপূতি সাহোন ৰঙালীক আদৰাৰ প্ৰস্তুতি। আনফালে দেশত লোকসভা নিৰ্বাচনী প্ৰচাৰ। লোকসভা নিৰ্বাচনক লৈ এতিয়া তৎপৰ হৈ পৰিছে দলৰ মন্ত্ৰী বিধায়ক সকল। ঠায়ে ঠায়ে এতিয়া তীব্ৰগতিত চলিছে নিৰ্বাচনী প্ৰচাৰ। দিনে নিশাই প্ৰচাৰত নামি পৰিছে মন্ত্ৰী বিধায়ক সকল। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ জাগীৰোডত উপস্থিত হয় নগাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ।প্ৰদ্যুৎ বৰদলৈৰ উপস্থিত উষ্ম আদৰণি জনায় স্থানীয় ৰাইজে। জাগীৰোডত উপস্থিত হৈ জাগীভকত গাঁও জিলা পৰিষদ আৰু মণ্ডল কংগ্ৰেছ কমিটীৰ নিৰ্বাচনী কাৰ্যালয়ত উপস্থিত হয় প্ৰাৰ্থী গৰাকী। তাৰ পিছত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে। নগাঁওৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে।তাৰ পিছত মুখ্যমন্ত্ৰীক সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত কয় যে-কংগ্ৰেছে কেইখন আসন লাভ কৰিব সেয়া এতিয়া কব নোৱাৰো৷ কাৰণ মুখ্যমন্ত্ৰীৰ দৰে আমাৰ ইভিএম ৰ লগত কোনো সম্পৰ্ক নাই৷ কিন্ত ১৪ খন আসনৰ ভিতৰত আমি বৰ শক্তিশালীভাৱে অসমত আত্মপ্ৰকাশ কৰিম বুলি মন্তব্য কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে৷ লগতে মুখ্যমন্ত্ৰীৰ বিৰোধীতা কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে-মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰণ সলাই থাকে আৰু বাৰে বাৰে অপমান কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *