আজি ‘কা’ৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত শুনানি।’কা’ বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল।এই আবেদন মুখ্যত কেৰালাৰ ইউডিএফ চৰকাৰ,এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱাইচি,ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ আৰু আন বহু লোকে দাখিল কৰিছিল।মুঠ ২৩৭খন আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত।এই আবেদনসমূহে ‘কা’ ৰূপায়ণৰ ওপৰত স্থগিতাদেশ বিচৰাৰ লগতে ‘কা’ক অসাংবিধানিক ঘোষণা কৰাটো বিচাৰে।এই শুনানি তিনিজনীয়া বিচাৰপীঠত হ’ব।
আছাদুদ্দিন ওৱাইচিয়ে উচ্চতম ন্যায়ালয়ত ‘কা’ ৰূপায়ণৰ ওপৰত নিষেধাজ্ঞা বিচাৰি এখন আবেদন দাখিল কৰিছে।এই আবেদনত অসমত ১.৫ লাখ মুছনমানৰ বিষয়টো উত্থাপন কৰিছে।তেওঁ কয় যে,বহু লোক এই আইনৰ প্ৰভাৱত পৰিব।আনহাতে কেৰালা চৰকাৰে ‘কা’ নিয়মৰ কাৰ্যকৰীকৰণ স্থগিত ৰাখিবলৈ অন্তৱৰ্তীকালীন আদেশ বিচাৰিছে।কেৰালা চৰকাৰে ‘কা’ নিয়মসমূহক অসাংবিধানিক বুলি অভিহিত কৰিছে।ৰাজ্য চৰকাৰখনে ভাৰতৰ তিনিখন চুবুৰীয়া দেশৰ ছয়টা ধৰ্মৰ সংখ্যালঘুসকলক নাগৰিকত্ব প্ৰদানৰ বাবে প্ৰণয়ন কৰা আইনক প্ৰত্যাহ্বান জনাইছে।
ইয়াৰোপৰি কেৰালাৰ ইউডিএফ চৰকাৰে কৈছে যে,ধৰ্মৰ ভিত্তিত বৈষম্য অযুক্তিকৰ আৰু ধৰ্মনিৰপেক্ষ নীতিৰ উলংঘন।লগতে এইটোও কোৱা হৈছে যে,’কা’ গৃহীত হোৱাৰ চাৰি বছৰ পিছত ইয়াক কাৰ্যকৰী কৰা হৈছে।ইয়াৰ স্পষ্ট অৰ্থ হৈছে যে,কেন্দ্ৰীয় চৰকাৰে আইনখন ৰূপায়ণৰ বাবে খৰধৰ কৰা নাছিল।কেন্দ্ৰীয় চৰকাৰে ১১ মাৰ্চত ‘কা’ কাৰ্যকৰী কৰে।এই আইনখন ২০১৯ চনত সংসদত গৃহীত হয়।’কা’য়ে ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশ,পাকিস্তান আৰু আফগানিস্তানৰ হিন্দু,শিখ,জৈন,বৌদ্ধ,পাৰ্চী আৰু খ্ৰীষ্টানসহ নিৰ্যাতিত অনা-মুছলমান অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰে।