যোৱা ১১ মাৰ্চৰ সন্ধিয়া ‘কা’ বলব९ হোৱাৰ ঘোষণা কৰাৰ লগে লগে হিল দোল ভাঙি প্ৰতিবাদত নামি পৰিছে জনসাধাৰণ ৷ ‘কা’ আইনৰ বিৰুদ্ধে ঠায়ে ঠায়ে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ ৷ ইয়াৰ মাজতে ১২ তাৰিখে নিশা গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত টায়াৰ জ্বলাই এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ছাত্ৰ- ছাত্ৰীয়ে ৷ প্ৰায় ৮০০০ ছাত্ৰ-ছাত্ৰী ওলাই আহি জনতা ভৱনৰ সমুখত প্ৰতিবাদ কৰাৰ হুংকাৰ দিলে ছাত্ৰ সমাজে ৷ ছাত্ৰ-ছাত্ৰীৰ মূখে মূখে কেৱল বিজেপি গো বেকৰ ধব্বনি ৷’কা’ প্ৰত্যাহাৰ নকৰা পৰ্যন্তলৈকে এই প্ৰতিবাদৰ কাৰ্যসূচী অব্যাহত কৰাৰ হুংকাৰ স্নাতকত্তোৰ ছাত্ৰ সন্থাৰ ৷ অনুতি পলমে বিৰোধিতা কৰি এই ‘কা’ আইনখন প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনাই স্নাতকত্তোৰ ছাত্ৰ সন্থাই।