আজি জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা

Share
আজি জাগীৰোডত স্থাপন কৰা হ’ল টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা। ২৭ হাজাৰ কোটি টকা ব্যয়ৰে উদ্যোগীকৰণৰ বিকাশৰ ক্ষেত্ৰত লক্ষ্য ৰাখি স্থাপন কৰা হ’ল এই প্ৰকল্প। ভাৰ্ছুৱেলী আধাৰশিলা শিলান্যাস কৰিব দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে।
উল্লেখযোগ্য যে এই আধাৰশিলা স্থাপন প্ৰকল্পত অংশগ্ৰহণ কৰি মুখ্য়মন্ত্ৰী গৰাকীয়ে ভূমিপূজন কৰে। এই প্ৰকল্পত প্ৰতিদিনে ৪ কোটি ৮০ লাখ চিপচ উৎপাদন কৰা হ’ব লগতে প্ৰায় ৩০ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে লাভ কৰিব কৰ্ম সংস্থাপন।
টাটাৰ এই প্ৰকল্পত উৎপাদিত বিভিন্ন সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হ’ব। প্ৰযুক্তিৰ দিশত এই প্ৰকল্প বৃহৎ পদক্ষেপ বুলি কয় প্ৰধানমন্ত্ৰী মোডীয়ে। আনহাতে ছাউথ এছিয়াক কেন্দ্ৰভূমি হিচাপে অসমক আৰু উত্তৰ পূৰ্বক নিৰ্মাণ কৰিব খোজে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে। আৰু এনে এক বৃহৎ কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *