অসমৰ চৰকাৰী ভূমিত আকৌ চলিব বুলড’জাৰ  

Share

কাৰ্বি আংলং জিলাত চৰকাৰী ভূমিত বসবাস কৰি থকা লোকসকলক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে শীঘ্ৰে উচ্ছেদ অভিযান আৰম্ভ কৰিব । ডিফুত তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিষদখনৰ নেতৃত্বই দুয়োখন পার্বত্য জিলাৰ সকলো ৰাজনৈতিক দল- ছাত্র সংগঠন, সামাজিক সংগঠনৰ নেতৃত্বৰ সৈতে তিনি ঘণ্টা বৈঠকৰ অন্তত এই কথা সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে। কেৱল বিশেষ এটা সম্প্রদায়ৰ বিৰুদ্ধে নহয়, পি জি আৰ- ভি জি আৰ ভূমিত থকা সকলো জাতি-জনগোষ্ঠীৰ লোককে উচ্ছেদ কৰা হ’ব বুলি মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে স্পষ্ট কৰি দিয়ে। উল্লেখযোগ্য যেপি জি আৰ- ভি জি আৰ এলেকাত নিয়োগ কৰা চৰকাৰী গাঁওবুঢ়াসকলৰ চৰকাৰী চাকৰী কর্তন কৰিবলৈ পৰিষদে গুৰুত্বপূুৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে বুলি তেও উল্লেখ কৰে। আনহাতে পি জি আৰ- ভি জি আৰ ভূমিত আইনগতভাভে উচ্ছেদৰ প্রক্রিয়া অতি সোনকালে আৰম্ভ হ’ব বুলি  কাৰ্বি আংলং স্বায়িত্বশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত অবগত কৰে এই কথা । উল্লেখযোগ্য যে পশ্চিম কার্বি আংলং জিলাৰ ডংকামোকাম ৰাজহ চক্ৰৰ অন্তৰ্গত হাবাইপুৰ মৌজাৰ অধীনত ১৯৮৩টা পৰিয়ালৰ ৯৮৬৫জন লোকে পি জি আৰ- ভি জি আৰ  ভূমিত বসবাস কৰি আছে। ইয়াৰ বিপৰীতে কাৰ্বি আংলং জিলাৰ ফুলনি ৰাজহ চক্রৰ অধীনত ১০৩টা পৰিয়ালে উল্লেখিত ভূমি দখল সাব্যস্ত কৰি বসবাস কৰি আছে। মঈলবাৰে অনুষ্ঠিত হোৱা সর্বদলীয় বৈঠকৰ অন্তত গ্রহণ কৰা সিদ্ধান্তত সন্তুষ্টি প্রকাশ কৰি প্ৰতিবাদী সংগঠনসমূহৰ নেতৃত্বই কোনো বিশেষ জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে এই প্রতিবাদ নহয় বুলি উল্লেখ কৰে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *