দেশত নতুনকৈ স্থাপন হ’ব ৭ খন এইমছ

Share

দেশত নতুনকৈ মুকলি কৰা হ’ব ৭খন এইমছ। লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত এই সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে। এই এইমছ কেইখন মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।মোডীয়ে মুকলি কৰিবলগীয়া এইমছ কেইখন নিৰ্মাণ হোৱা ঠাই সমূহ হ’ল-বাথিন্দা,পশ্চিমবংগৰ কল্যাণী, জম্মুৰ অৱন্তীপুৰ, অন্ধ্ৰ প্ৰদেশৰ মঙ্গলাগিৰি, পঞ্জাৱৰ ৰায়বৰেলী গুজৰাটৰ ৰাজকোট আৰু হাৰিয়ানাৰ ৰেৱাৰী। আজি হাৰিয়ানাৰ ৰেৱাৰীত উপস্থিত হয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আজি মোডীয়ে ৰেৱাৰীত উপস্থিত হৈ বিভিন্ন খণ্ডত ৯,৭৫০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভণী কৰে। জানিব পৰা মতে, এইমছৰ জনস্বাস্থ্য আন্তঃগাঁথনি কাৰণে চৰকাৰে আৱন্টন কৰিছে প্ৰায় ১০,২০০ কোটি টকা। ২০৩ একৰ ভূমিত স্থাপন কৰা এই এইমছ খনৰ ব্যয় হৈছে ১,৬৫০ কোটি টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *