ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছত অসমৰ এগৰাকী মহিলা

Share
ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছত জিলিকিল নগাঁও জিলাৰ ননৈ মহাবিদ্যালয়ৰ গানণিক ড০ জুনু দেৱী। ৰাষ্ট্ৰীয় মাষ্টাৰ গেমছত জেভলিন থ্ৰ’ত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে ৫৫ বছৰ উৰ্ধৰ ড০ জুনু দেৱীয়ে। 
গোৱাত ৮ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত এই প্ৰতিযোগিতাত ড০ জুনু দেৱীয়ে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ এই সফলতাত অঞ্চলটোৰ লোকসকল গৌৰৱান্বিত হৈ পৰাৰ লগতে উৎফুল্লিত হৈ পৰিছে। 
উল্লেখযোগ্য যে ২০২৩ বৰ্ষত ডিফুত অনুষ্ঠিত অসম মহিলা এথলেটিক্স প্ৰতিযোগিতাত উল্লিখিত তিনিটা শখাত স্বৰ্ণ পদক লাভ কৰিবলৈও সক্ষম হৈছিল ড০ জুনু দেৱী।

Leave a Reply

Your email address will not be published. Required fields are marked *