বৃহস্পতিবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক পেক্ষাগৃহত ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্য বিভাগকে ধৰি মুঠ ১৫ টা বিভাগৰ ৮৪০ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই।আজি ৮৪০ খন নিযুক্তি পত্ৰ প্ৰদান কৰাৰ ফলত বৰ্তমানলৈকে চৰকাৰী পদসমূহত মুঠ নিযুক্তিৰ সংখ্যা হ’ল ৯৪,৩৯৭ জনলৈ বৃদ্ধি পাইছে।ড০ হিমন্তবিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আমাৰ ৰাজনীতিসকলৰ শক্তিশালী সিদ্ধান্তৰ বাবেই হৈছে, অমসত চাকৰিৰ ক্ষেত্ৰত স্বজনপ্ৰীতি আৰু দুৰ্নীতি নহয় সেৱা যুৱক-যুৱতীসকলে উপলব্ধি কৰিছে আৰু লগতে তেওঁ কয় যে আমি ৰাজনীতি কৰাসকলে নিযুক্তিৰ ক্ষেত্ৰত স্বজনপ্ৰীতি আৰু দুৰ্নীতি হ’বলৈ নিদিওঁ বুলি শক্তিশালী সিদ্ধান্ত লৈছিলো।নিজৰ ভাষণৰ পিছতে মুখ্যমন্ত্ৰীয়ে মুঠ ১৫ টা বিভাগৰ ৮৪০ গৰাকী প্ৰাৰ্থীক নিযুক্তি দিয়ে।এই অনুষ্ঠানত শিক্ষা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু,বিত্ত মন্ত্ৰী অজন্তা নেওগ,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা,পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,পৰিবহণ বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য,সাংসদ কুইন ওজা,ৰাজ্যসভাৰ সচিব পবিত্ৰ মাৰ্ঘেৰিটা,আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰতভূষণ দেৱচৌধুৰী লগতে বিভিন্ন উচ্চপদস্থ বিষয়ববীয়া উপস্থিত থাকে।