লোকসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বৃহস্পতিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিক অসাংবিধানিক বুলি ঘোষণা কৰাৰ লগতে “নিৰ্বাচনী বণ্ড”ৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰিছে। এই ৰায়দানৰ সময়তে এছ’চিয়েন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ তথ্য অনুসৰি বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহে লাভ কৰা বৃহ९ ধনৰ পৰিমাণৰ তথ্য পোহৰলৈ আহিছে। এই তথ্য অনুসৰি ২০১৮ৰ পৰা ২০২২ চনলৈ ২৮,০৩০ নিৰ্বাচনী বণ্ড বিক্ৰী কৰি ৰাজনৈতিক দলসমূহে লাভ কৰিছিল ১৬,৪৩৭.৬৫ কোটি টকা। বণ্ডৰ জৰিয়তে ৰাজনৈতিক দলসমূহৰ ভিতৰত বিজেপিয়ে লাভ কৰিছিল সৰ্বাধিক ১০,১২২ কোটি টকা।আনহাতে কংগ্ৰেছে লাভ কৰিছিল ১,০৪৭ কোটি টকা, তৃণমূল কংগ্ৰেছে লাভ কৰিছিল ৮.২৩ কোটি টকা, চি পি আই(এম)-এ লাভ কৰিছিল ৩৬৭ কোটি টকা, এন চি পিয়ে লাভ কৰিছিল ১৩১ কোটি টকা, বি এছ পিয়ে লাভ কৰিছিল ৮৫ কোটি টকা আৰু চি পি আয়ে লাভ কৰিছিল ১৩ কোটি টকা।