লোকসভা এৰি ৰাজ্যসভালৈ যাব ছোনিয়া গান্ধী। বুধবাৰে ৰাজস্থানৰ ৰাজ্যসভাত মনোনয় পত্ৰ দাখিল কৰাৰ পিছতে ই এক চৰ্চিত বিষয় হৈ পৰিছে। ৰাহুল গান্ধীয়ে আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সম্পূৰ্ণ এটা মাহ হল যদিও এই যাত্ৰাত দেখা পোৱা যোৱা নাছিল প্ৰিয়ংকা গান্ধীক । বিগত লোকসভা নিৰ্বাচনত ৰাহুল গান্ধী ইন্দিৰা গান্ধীৰ হাতত পৰাজয় হৈছিল যদিও এই সমষ্টিত কংগ্ৰেছৰ গণভিত্তি আছে ।ছোনিয়া গান্ধীয়ে পাঁচবাৰ লোকসভাৰ সাংসদ হোৱাৰ পাছত বুধবাৰে ৰাজস্থানৰ লোকসভাৰ পৰা মনোনয় পত্ৰ দাখিল কৰিলে। প্ৰথমে তেও আমেঠি লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হৈছিল আৰু তাৰ পিছতে তেওঁ ২০ বছৰ ৰাইবেৰলীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । কংগ্ৰেছৰ শীৰ্ষ সুত্ৰৰ খবৰ শুনি কেৰেলাৰ ৱায়ানাডাৰ পৰা নিৰ্বাচন খেলিব ৰাহুল গান্ধীয়ে। যিহেতু লোকসভা নিৰ্বাচন সমাগত তাৰ আগতে ছোনিয়া গান্ধীয়ে লোকসভা এৰি ৰাজ্যসভালৈ যোৱাতো নিশ্চিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছোনিয়া গান্ধীৰ নাম নোলোৱাকৈ কয় যে ,কোনো কোনোৱে পৰাজিত হোৱাৰ ভয়ত লোকসভা এৰি ৰাজ্যসভালৈ যাব ওলাইছে।