বিত্তমন্ত্ৰী অজন্তা নেওগে আজি বিধানসভাত দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ বাজেট

Share

সোমবাৰ অৰ্থা९ আজি অসম বিধানসভাৰ মজিয়াত ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক বাজেট দাখিল কৰিব অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগে।বিয়লি ২ বজাত সদনত দাখিল কৰা হ’ব ২০২৪-২৫ বৰ্ষৰ বাজেট। এই বাজেটখন বিত্তমন্ত্ৰী অজন্তা নেওগৰ চতুৰ্থ বাজেট হ’ব।ৰাজ্যিক বিধানসভাৰ বাজেট অধিৱেশন ৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল আৰু ২৮ ফেব্ৰুৱাৰীলৈকে চলিব।এইবাৰৰ বাজেটত মহিলাৰ বাবে বিশেষ আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা আছে।আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাজেটত কেইবাখনো বিশেষ আঁচনি ঘোষণা কৰা হ’ব।ইফালে বিজেপি চৰকাৰে লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত চাহ বাগিচাত কৰ্মৰত শ্ৰমিক, লগতে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবেও কেইবাটাও বিশেষ আঁচনি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *