মণিপুৰত ভয়ংকৰ গুলীচালনা। বুধবাৰে মণিপুৰত আছাম ৰাইফলছৰ এজন জোৱানে সহকৰ্মীক গুলীচালনা কৰাৰ পাছতে জোৱানৰ আত্মহনন।নিজক গুলীয়াই হত্যা কৰাৰ পূৰ্বে দক্ষিণ মণিপুৰত আছাম ৰাইফলছৰ জোৱানজনে ৬জনকৈ সতীৰ্থৰ ওপৰত গুলীচালনা কৰে। জানিব পৰা মতে , আহত জোৱান কেইজন অমণিপুৰী আছিল । আহত জোৱানকেইজনক উন্নত চিকিৎসাৰ কাৰণে চুৰাচান্দপুৰৰ সামৰিক চিকিৎসালৈ প্ৰেৰণ কৰা হয়।এতিয়া জোৱান কেইজনৰ স্বাস্থ্যৰ উন্নতি ঘটা বুলিও জানিব পৰা যায় । উপ-পৰিদৰ্শকৰ পৰা পোৱা তথ্য অনুসৰি মণিপুৰত চলি থকা জনগোষ্ঠীয় সংঘাটৰ ফলত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা যায় । মণিপুৰৰ পৰা অহা বিভিন্ন সম্প্ৰদায়ৰ বেটেলিয়ানকে ধৰি সকলো আছাম ৰাইফছৰ বেটেলিয়ানৰ মাজত কোনোধৰণৰ শ্ৰেণী গঠন কৰা হোৱা নাছিল ।মণিপুৰত শান্তি আৰু শৃংখলতা বজাই ৰখাই স্বাৰ্থত আছাম ৰাইফলছৰ জোৱানসকলে একেলগে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে । ২০২৩ চনৰ মে মাহৰ পৰা মণিপুৰত মেইটেই আৰু কোকী জনগোষ্ঠীৰ মাজত জাতিগত বিবাদ সংঘটিত হৈছিল বুলিও জানিব পৰা যায়।