ৰাজ্যৰ অসামৰিক ক্ষেত্ৰৰ সৰ্বোচ্চ বঁটা

Share
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মংগলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা। জনতা ভৱনত মংগলবাৰে অনুষ্ঠিত এক সংবাদমেলযোগে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক এইবাৰৰ অসমৰ সৰ্বোচ্চ বঁটা অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে।
 
মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰা অনুসৰি, ১৭ গৰাকী ব্যক্তিলৈ প্ৰদান কৰা হ’ব অসম গৌৰৱ বঁটা। এই ১৭ গৰাকী ব্যক্তি হৈছে বিহু নৃত্যৰ শিল্পী ৰঞ্জিত গগৈ, বিশিষ্ট হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱা, কাৰ্বি লোক শিল্পী পখিলা লেকথেপী, হস্তী-মানৱ সংঘাত বিশেষজ্ঞ ওদালগুৰিৰ টেনজিং বডোচা, বৰাক উপত্যকাৰ শীতল পাৰ্টী উদ্যোগী নিৰ্মল দে, মিচিং সাজপাৰৰ হস্তশিল্পী জেছিম কুম্বাং পাও, তিনিচুকীয়াৰ অংগনৱাড়ী কৰ্মী মেৰী হাছা, ক’লা ধানৰ খেতি জনপ্ৰিয় কৰাৰ লগতে বিদেশলৈ ৰপ্তানি দিয়া কৃষক উপেন্দ্ৰ ৰাভা, ষ্ট’বেৰীকে ধৰি অন্যান্য থলুৱা উৎপাদনৰ পাম প্ৰস্তুত কৰি জনপ্ৰিয় কৰি তোলা ডুমডুমাৰ ৰাহুল গুপ্তা, বিশিষ্ট শব্দযন্ত্ৰ শিল্পী দেৱজিৎ চাংমাই, ছিপাঝাৰৰ ওজাপালি নৃত্যক প্ৰচাৰ-প্ৰসাৰত জড়িত দ্ৰোণ ভূঞা, জৈৱিক কৃষিকৰ্মত জড়িত উচ্চ শিক্ষিত যুৱক নীলম দত্ত, ৰিপ’জ বেকাৰীৰ স্বত্বাধিকাৰী অনুপম ডেকা, বিশিষ্ট প্ৰকৃতিবিদ সৌম্য়দ্বীপ দত্ত, মাশ্বৰূম উৎপাদনৰ লগত জড়িত বসন্ত চিৰিং ফুকন, ক্ৰাফট আৰু বাঁহ শিল্পী মনেন্দ্ৰ ডেকা, শিৱসাগৰৰ ডিমৌ অঞ্চলৰ আশাকৰ্মী মীনাক্ষী চেতিয়া। 
সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অহা ১০ ফেব্ৰুৱাৰীত  শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই এই বঁটা প্ৰদান কৰিব। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীশ ধনখড়।

Leave a Reply

Your email address will not be published. Required fields are marked *