২৮ ফেব্ৰুৱাৰীত উদ্বোধন হ’ব উত্তৰ গুৱাহাটী সংযোগী দলঙৰ এটা অংশ

Share

গুৱাহাটী,১৭ জানুৱাৰীঃগুৱাহাটী বাসীৰ বাবে সুখবৰ।অহা মাহত ৰাইজৰ বাবে মুকলি হ’ব ফাঁচীবজাৰৰ পৰা ভূটনাথলৈকে গুৱাহাটী,উত্তৰ গুৱাহাটী সংযোগী দলঙৰ এটা অংশ।এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই।লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে,পূৰ্বৰ আৰক্ষী অধিক্ষক চৌহদ ৰপৱে পৰ্যন্ত সম্প্ৰসাৰিত হোৱাৰ উদ্দেশ্যে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ পাণবজাৰৰ পৰা স্থানান্তৰিত কৰা হব।আনহাতে মুম্বাই,গোৱাৰ বীচ্চৰ দৰেই গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত সুন্দৰ পৰিৱেশত আনন্দ লব পৰাকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে পাণবজাৰৰ নৱনিৰ্মিত পাৰ্ক।মংগলবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যবেক্ষণ কৰি যে-অহা ২০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নৱনিৰ্মিত পাৰ্ক উদ্বোধন কৰিব।ইয়াত মানুহে খোজকাঢ়িব পাৰিব,নিৰ্মল বতাহ লব পাৰিব আৰু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক সৌন্দৰ্য চাব পাৰিব।নেহেৰু পাৰ্কৰ দৰে এইখন এখন উদ্যান হব।

Leave a Reply

Your email address will not be published. Required fields are marked *