বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰস্তুতিৰে নিৰ্মাণ কৰিছে ১৫০ ফুট উচ্চতাৰ মেজি

Share

ভোগালী লৈ মাজত মাথোঁ কেইটামান দিন বাকী। সমগ্ৰ ৰাজ্যতে চলিছে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি। তাৰ মাজতে এইবাৰ বিশ্ব দৰ্বাৰত উজলিব মাঘ বিহুৰ মেজি। দক্ষিণ কামৰূপৰ মিৰ্জা‌‌স্থিত সৰপাৰা আৰ.বি‌ হাইস্কুলৰ প্ৰাংগনত নিৰ্মাণ কৰা হৈছে ১৫০ ফুট উচ্চতাৰ মেজি। লগতে নিৰ্মাণ কৰা হৈছে ৫০ ফুটৰ পেঁপা। যিটো পেঁপা দৰ্শকে চোৱাৰ লগতে বজাবও পৰিব। লগতে খুব আটক ধুনীয়াকৈ সজোৱা হৈছে  এখন আদৰ্শ গাওঁ। আদৰ্শৰ গাওঁখনৰ ভিতৰত থাকিব বহুকেইখন বিপনী। য’ত থাকিব ঢেঁকীশাল তাত শালকে ধৰি থাকিব বহুতো আপুৰুগীয়া সামগ্ৰী। খাদ্যৰ সম্ভাৰত ৰখা হ’ব বহুতো অসমীয়া থলুৱা খাদ্য। আৰু থাকিব বহুতো বিশেষ আকৰ্ষণ যেনে -সাংস্কৃতিক সন্ধিয়া, শিশুৰ  দ্বাৰা পৰম্পৰাগত সাজপাৰৰ প্ৰতিযোগিতা পুতলা নাচ। খেলত থাকিব মাৰ্বল,কুকুৰা যুঁজ, কণী যুঁজ। এই মাঘী মেলাত উপস্থিত থাকিব অসমৰ জনপ্ৰিয় ইউটিউববাৰ ডিম্পু বৰুৱা। সৰপাৰা ফ্ৰেণ্ডচ্ ক্লাবৰ সৌজন্যত আয়োজন কৰা হৈছে এই  মাঘী মেলা। এই মাঘী মেলা অনুষ্ঠিত হব ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ। বিগত এমাহ ধৰি পূৰ্ণ গতিত চলি আছে কাম কাজ। 

Leave a Reply

Your email address will not be published. Required fields are marked *