দেৰগাঁৱত জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত যুৱকৰ উদ্ভণ্ডালি

Share

গুৱাহাটী,১০জানুৱাৰীঃ   দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতিপথাৰত  যোৱানিশা অনুষ্ঠিত  হোৱা এক সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰি থকা সময়তে একাংশ উদণ্ড যুৱ দৰ্শকে এক অপ্ৰীতিকৰ পৰিষ্হিতিৰ সৃষ্টি কৰে । জুবিনৰ গীতৰ তালে তালে একাংশই নৃত্য আৰম্ভ কৰি উ९কট চিঞৰ আৰু নৃত্য চলি থকাৰ মাজতে এচাম উদণ্ড দৰ্শকে দৰ্শকৰ বাবে থকা চকিবোৰ মৰিয়াই মৰিয়াই ভাঙিবলৈ আৰম্ভ কৰে । আৰক্ষী আৰু চি আৰ পি থকা অনুষ্ঠানত উচ্ছৃংখলতা আৰু কাজিয়াৰ মাজতে শিল্পী জুবিন গাৰ্গেও  যুৱকসকলক সংঘত হবলৈ আহ্বান জনায় । অৱেশ্যে, ইয়াৰ পূৰ্বে স্বভাৱসুলভ ভংগিমাৰে জুবিনে কয়, কাজিয়া কৰিব লাগে, ময়ো কৰুছিলোঁ কিন্তু দৰকাৰী কথাত । উল্লেখ্য যে নৃত্যঞ্জলি কলাকেন্দ্ৰৰ উদ্যোগত দেৰগাঁৱৰ ঐতিহাসিক নৰেন শৰ্মা ষ্মৃতি পথাৰত ৪ জানুৱাৰীৰ পৰা অনুষ্ঠিত সাংষ্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল জুবিন গাৰ্গে । অনুষ্ঠানত জনসমুদ্ৰত ৰুপান্তৰিত হয় নৰেন শৰ্মা স্মৃতিপথাৰত বাকৰিত । অনুষ্ঠান চলি থকাৰ মাজতে উদণ্ড দৰ্শকে সৃষ্টি কৰে এই তাণ্ডৱ । এফালৰ পৰা চকী ভাঙি এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰে নিচাসক্তসকলে । উদণ্ড দলটোৱে অনুষ্ঠানৰ চকী ভঙি চুৰমাৰ কৰে । 

Leave a Reply

Your email address will not be published. Required fields are marked *