লোকসভা নিৰ্বাচনৰ ৰণকৌশল ৰূপায়নৰ বুজ ল’বলৈ গুৱাহাটীত আজি উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা। দুদিন অসমত থাকি অংশগ্ৰহণ কৰিব দলৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত। ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগে ভাৰতীয় জনতা পাৰ্টীয়ে অসমতো সাংগঠনিক তৎপৰতা দ্ৰুতগতিত আগবঢ়াইছে। লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই অসমলৈ আহিছে জে.পি নাড্ডা। ৯ জানুৱাৰী মংগলবাৰে নিশা ন বজাত বিশেষ বিমানৰে গুৱাহাটীত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী।
আজি পুৱাই শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰি মাৰ আশিস ললে জে.পি নাড্ডাই। তাৰ পিছতে আজিৰ দিনটোত অংশগ্ৰহণ কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ সভা। আজি ৰাজ্যিক বিজেপিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। কলাক্ষেত্ৰৰ বৈঠকৰ পিছতেই বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সন্ধিয়ালৈ এক বৈঠকত ভাগ ল’ব জে.পি নাড্ডাই। আনহাতে আমিনগাঁৱত আন এখন বৈঠকতো ভাগ লোৱাৰ কথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ। স্বাভাৱিকতে আটাইকেইখন বৈঠকেই হ’ব লোকসভা নিৰ্বাচন কেন্দ্ৰিক। বৃহস্পতিবাৰে জে.পি নাড্ডাই দুপৰীয়া অৰুণাচললৈ ৰাওনা হ’ব।