ইডিৰ সন্মূখত হাজিৰ নহ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Share

সুৰা কেলেংকাৰীৰ অভিযোগত ইডিয়ে সোধ-পোছৰ বাবে পুনৰ চমন জাৰি কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। এইবাৰো ইডিৰ তৃতীয়খন চমনৰ পিছতো ইডিৰ কাৰ্যলয়ত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ আইনী দলৰ পৰা উত্তৰ প্ৰেৰণ কৰি এই চমনক অবৈধ বুলি উল্লেখ কৰিছে। আম আদমী পাৰ্টীয়ে এক বিবৃতিত কয় যে,‘মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইডিৰ তদন্তত সহযোগিতা কৰিবলৈ সাজু। কিন্তু ইডিৰ জাননীখন অবৈধ। তেওঁলোকৰ উদ্দেশ্য হৈছে মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰা আৰু তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীক নিৰ্বাচনী প্ৰচাৰত চলোৱাত বাধা দিব বিচাৰে’। লক্ষণীয় যে, সুৰা কেলেংকাৰীৰ গোচৰত আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা ইডিয়ে তথ্য প্ৰমাণৰ ভিত্তিত দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক মাতি পঠিয়াইছিল। প্ৰথমবাৰ ২ নৱেম্বৰত মুখ্যমন্ত্ৰীগৰাকীক ইডিয়ে সোধা-পোছাৰ বাবে মাতিছিল। কিন্তু অৰবিন্দ কেজৰিৱালে তেতিয়াও উপস্থিত হোৱা নাছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *