আজি ৰতন টাটাৰ জন্মদিন। আজিৰে পৰা ৮৬ বছৰীয়া হ’ল ভাৰতৰ বিশিষ্ট উদ্যোগপতি তথা সমাজসেৱক ৰতন টাটা।১৯৩৭ চনৰ আজিৰ দিনটোতে মায়ানগৰী মুম্বাইত জন্মগ্ৰহণ কৰিছিল ৰতন টাটাই। ন’ভেল টাটা আৰু চ’নি টাটাৰ বৰপুত্ৰ ৰতন টাটা।
ভাৰতৰ প্ৰথিতযথা উদ্যোগপতি ৰতন টাটাই ১৯৯০ চনৰ পৰা ২০১২ চনলৈ টাটা গ্ৰুপৰ চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।ইয়াৰ পিছত ২০১৬ চনৰ অক্টোবৰ মাহৰ পৰা ২০১৭ চনৰ ফেব্ৰুৱাৰীলৈ টাটা গ্ৰুপৰ অন্তৰ্ৱৰ্তীকালিন চেয়াৰমেন হিচাপে কাৰ্যভাৰ চলাইছিল ৰতন টাটাই।হাৰ্ৱাৰ্ড বিজনেচ স্কুলৰ পৰা উচ্চ শিক্ষা গ্ৰহন কৰা ৰতন টাটাৰ বৰ্তমান সময়ৰ মুঠ বছৰি আয় ১.৩১ বিলিয়ন ডলাৰ।বিশ্বৰ অন্যতম সমাজসেৱী ৰতন টাটাই তেওঁৰ সমাজসেৱী সংস্থা ‘’ৰতন টাটা ট্ৰাস্ট’’ ৰ জড়িয়তে বছৰি তেওঁৰ মুঠ আয়ৰ ৬০ ৰ পৰা ৬৫ শতাংশ সমাজহিতৈষী কামৰ বাবে দান কৰি আহিছে।জন্মদিনৰ আজিৰ এই বিশেষ দিনটো ৰতন টাটা দেৱে,আত্মীয়সৱৰ সৈতে পালন কৰাৰ ভিডিঅ সামাজিক মাধ্যমত প্ৰচাৰিত হোৱা দেখা গৈছে।