তুংগত উঠিছে চানডুবি উৎসৱৰ প্ৰস্তুতি

Share

গুৱাহাটী, ২৮ ডিচেম্বৰঃ বিগত বছৰবোৰৰ দৰে সমাগত নতুন বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হ’ব চতুৰ্দশ চানডুবি উৎসৱ। ১৮৯৮ চনৰ ১২ জুনত হোৱা বৰভূইকঁপৰ ফলত সৃষ্টি হৈছিল চানডুবি বিল আৰু এই চানডুবিৰ পাৰতেই প্ৰতিবছৰে উদযাপন হৈ আহিছে চানডুবি উৎসৱ। স্থানীয় ৰাইজ তথা দল সংগঠনৰ এক প্ৰচেষ্টাত চানডুবিৰ সংৰক্ষণ আৰু পৰ্যটন বিকাশৰ বাবে প্ৰতিবছৰে অনুষ্ঠিত হৈছে চানডুবি উৎসৱ। এইবাৰ চানডুবি উৎসৱত প্ৰদৰ্শন কৰা হ’ব বিভিন্ন থলুৱা কলা-কৃষ্টি, খাদ্য-সম্ভাৰ, সাজ-পাৰ। লগতে নৌকা বিহাৰ, হস্তী আৰোহণ, টঙীঘৰ আৰোহণকে আদি কৰি বিভিন্ন জনজাতীয় লোক-পৰম্পৰা উজলি উঠিব চানডুবি মহোৎসৱৰ বাকৰিত। এই উৎসৱস্থলীত পৰ্যটকৰ আকৰ্ষণৰ বাবে নিৰ্মাণ কৰি থকা হৈছে বাঁহ-বেতৰ বিভিন্ন আকৰ্ষণীয় গৃহ। উল্লেখ্য যে, চানডুবিত প্ৰতিবছৰে ভিৰ কৰে বিভিন্ন বনভোজৰ দল। চানডুবি বিলত নৌকা বিহাৰৰ আনন্দ উপভোগ কৰিবলৈ ঢপলিয়াই আহে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *