ছুৰাটত হীৰাৰ বৃহত্তম বাণিজ্য কেন্দ্ৰ

Share

 গুৱাহাটী,১৮ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে হীৰাৰ বৃহত্তম বাণিজ্য কেন্দ্ৰ।মোদীয়ে মুকলি কৰিলে গুজৰাটৰ ছুৰাটত হীৰা আৰু অলংকাৰ ব্যৱসায়ৰ বিশ্বৰ বৃহত্তম আৰু আধুনিক কেন্দ্ৰ ।ছুৰাট ডায়মণ্ড বাৰ্ছ নামৰ এই বাণিজ্য কেন্দ্ৰটো নতুন ভাৰতৰ শক্তি আৰু লক্ষ্যৰ প্ৰতীক হিচাপে স্বীকৃতি লাভ কৰিছে ।ভাৰতৰ হীৰাৰ ব্যৱসায় আৰু ছুৰাটৰ বাণিজ্য কেন্দ্ৰৰ ব্যৱসায়ক আন্তৰাষ্ট্ৰীয় মান ৰক্ষা কৰিবৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ছুৰাট বিমান বন্দৰৰ এটা নতুন ইন্টিগ্ৰেটেড  টাৰ্মিনেল মুকলি কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছুৰাটত ডায়মণ্ড বাৰ্ছ মুকলি কৰাৰ পিছতে তেওঁ এখন জনসভাক উদ্দেশ্যি ভাষণত কয় যে -ছুৰাট হীৰা উদ্দোগ্যত আঠ লাখ লোক জড়িত আৰু নতুন বাণিজ্য কেন্দ্ৰই ডেৰ লাখৰ অধিক লোকক সংস্থাপন দিব। মুকলি হোৱা আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে ছুৰাটৰ মুকুটত আৰু এডোখৰ হীৰা সংযোজিত হল বুলিও কৈ নৰেন্দ্ৰ মোডীয়ে কয় যে এই হীৰা কেৱল ক্ষুদ্ৰ হীৰা হলেও বিশ্বৰ শ্ৰেষ্ঠ হীৰা । উল্লেখ যে ছুৰাটত নিৰ্মাণ কৰা ডায়মণ্ড বাৰ্ছ হৈছে বহুকেইটা বিশাল অট্টালিকাৰ চৌহদ। বিশ্বৰ বৃহত্তম হীৰাৰ এই অট্তালিকাৰ মহলাসমুহৰ মুঠ এলেকা হৈছে ৬৭ লাখ বৰ্গফুট।এই বাণিজ্য কেন্দ্ৰটোৰ চৌহদৰ ভিতৰত আছে বিভিন্ন হীৰাৰ কোম্পানীৰ কাৰ্যালয়,শ্ব’ৰুম আদিৰ লগতে আছে অলংকাৰৰ আন্ত:ৰাষ্ট্ৰীয় বাণিজ্য সুৰক্ষিত ভল্টৰ ব্যৱস্থা।এই কেন্দ্ৰত আছে অত্যাধুনিক ‘কাষ্টম ক্লিয়েৰেস্ন হাউজ’ । এই কেন্দ্ৰটোৰ জৰিয়তে ব্যৱসায়ীসকলে হীৰাৰ আমদানি ৰপ্তানি সকলোধৰণৰ অনুজ্ঞা আৰু পৰিবহনৰ সুবিধা লাভ কৰিব।

জানিব পৰা মতে, এছ ডি বিৰ বিষয়া দীনেশ নৱদিয়াই প্ৰকাশ কৰামতে নিলামৰ জৰিয়তে বহুকেইটা কোম্পানীয়ে ইতিমধ্যে  কেন্দ্ৰটোত স্থান লাভ কৰি নিজৰ কাম-কাজ চলাইছে ।কেন্দ্ৰটোত মুঠতে ৪,৫০০ হীৰা প্ৰতিষ্ঠানে এই বৃহত্তম কাৰ্যালয় ভৱনৰ পৰা নিজৰ ব্যৱসায়-বাণিজ্য চলাব পাৰিব । ছুৰাটৰ উপকণ্ঠ এলেকাৰ ৩৫.৫৪ একৰ নিৰ্মাণ হোৱা মুঠ ৯টা অট্টালিকাৰ প্ৰত্যেকটোতে আছে ৯টাকৈ মহলা।

Leave a Reply

Your email address will not be published. Required fields are marked *