কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ধনেশ পক্ষী

Share

কেৱল গঁড়-বাঘ, হাতী বা অন্য বণ্যপ্ৰাণীয়েই নহয় কাজিৰঙাৰ পৰ্যটকক আকৰ্ষণ কৰে ধনেশ পক্ষীয়েও । ভিন্ন প্ৰজাতিৰ পশু-পক্ষীৰ প্ৰাণকেন্দ্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্যতম হ’ল ধনেশ পক্ষী । উজ্জ্বল ৰঙৰ বৃহ९ আকাৰৰ ঠোঁটেৰে বিশেষকৈ তিনি প্ৰকাৰৰ ধনেশ পক্ষীয়ে সহজেই দৃষ্টি কাঢ়িছে দেশী-বিদেশী পৰ্যটকৰ । বৰ্তমান জাকে জাকে ধনেশ পক্ষীয়ে বিচৰণ কৰি ফুৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত। শীতৰ আগমণৰ লগে লগে ভিন্ন প্ৰজাতিৰ পক্ষীৰ আগমণ ঘটিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত । এই বিশেষ প্ৰজাতিৰ ধনেশ পক্ষীৰ বিশেষত্ব হ’ল মতা ধনেশৰ পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতা । পৰিয়ালৰ খাদ্য যোগানৰ উপৰিও নিৰাপত্তাৰ দিশত দায়িত্ববোধৰ পৰিচয় দিয়ে মতা ধনেশ পক্ষীয়ে । কণী পাৰিবলৈ গছৰ খোৰোং ঠিক কৰি দিয়াৰ উপৰি পোৱালি ডাঙৰ নোহোৱা পৰ্যন্ত মাইকী ধনেশ পক্ষীক খোৰোঙতে ৰাখি মতা ধনেশ পক্ষীয়ে খাদ্য যোগান ধৰে ।

জানিবপৰামতে পোৱালি ডাঙৰ নোহোৱা পৰ্যন্ত নিৰাপত্তাৰ বাবে খোৰোঙৰ মুখখন বন্ধ কৰি কেৱল মাইকী ধনেশ পক্ষীৰ ঠোঁটতো উলিয়াব পৰাকৈ হে থাকে । ধনেশ  পক্ষীৰ এই বিশেষত্ব পৰ্যটকৰ বাবে আকৰ্ষণীয় হৈ পৰিছে । উল্লেখনীয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তিনি প্ৰকাৰৰ ধনেশ পক্ষীৰ আৱাসস্থলী । 

Leave a Reply

Your email address will not be published. Required fields are marked *