গুৱাহাটী,১৮ ডিচেম্বৰঃ যোৱা কালি হৈ যোৱা কামৰূপ জিলাৰ বংশৰত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অংশ লয়।সেই অনুষ্ঠানত অংশ লোৱাৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত আলফা আৰু চৰকাৰৰ আলোচনাৰ প্ৰসংগত মন্তব্য আগবঢ়াই কয় যে-“আলফাৰ লগত এখন চুক্তি ৰূপায়ণৰ বাবে ইতিমধ্যে আগবাঢ়ি যোৱা হৈছে।কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়,ৰাজ্য চৰকাৰ আৰু আলফাৰ সৈতে বিভিন্ন কথা-বতৰা আলোচনা কৰা হৈছে।এই আলোচনা খুব সোনকালে সমাপ্ত হ’ব বুলি আশা কৰিছে।আলফাৰ আলোচনাপন্থী গোটটোৰ লগত চুক্তি হৈ যোৱাৰ পৰৱৰ্তী পৰিবেশত আমি সকলোৱে বহি কি ধৰণে আলফা স্বাধীনৰ লগত আলোচনা কৰিব পৰা যাব সেই বিষয়ে চিন্তা কৰিব লাগিব।”আনহাতে চৰকাৰে আলফাৰ লগত আলোচনা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে যদিও পৰেশ বৰুৱাই এতিয়াও আলোচনাৰ বাবে আগবাঢ়ি অহা নাই।এই প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়-“অসমক যদি আমি ভালপাওঁ তেন্তে উভতি আহি অসমৰ উন্নয়ণৰ বাবে অৱদান আগবঢ়াব লাগে।”