গুৱাহাটী,১৬ ডিচেম্বৰঃ প্ৰতি বছৰৰ ১৬ ডিচেম্বৰ তাৰিখে পালন কৰা হয় বিজয় দিৱসৰ । ৯ মাহ ধৰি চলা তীব্ৰ যুদ্ধৰ পাছত ১৯৭১ চনৰ ১৬ ডিচেম্বৰত পাক বাহিনীয়ে আনুষ্ঠানিকভাৱে আত্মসমৰ্পন কৰিছিল ভাৰতীয় সেনাৰ আগত । ৯৩ হাজাৰ সৈনিকৰ আক্ৰমণৰ ফলত সৃষ্টি হৈছিল বাংলাদেশ নামৰ এখন নতুন স্বাধীন ৰাষ্ট্ৰৰ । ভাৰত পাকিস্তানৰ এই যুদ্ধক লৈ নিৰ্মান কৰা হৈছিল বিভিন্নখন জনপ্ৰিয় চলচিত্ৰ । দেশপ্ৰেম,সংঘাত,প্ৰেম আৰু মানৱীয়তাৰ ভেঁটিত নিৰ্মাণ কৰা হৈছিল এনেবোৰ চলচ্চিত্ৰ ।
ইয়াৰে ভিতৰত অন্যতম হৈছে ব’ৰ্ডাৰ, যিখন চিনেমাই পোন প্ৰথমবাৰৰ বাবে বক্স অফিচত ৩৯.৪৬ কোটি উপাৰ্জন কৰি খলকনিৰ সৃষ্টি কৰিছিল য’ত অভিনয় কৰিছিল জনপ্ৰিয় অভিনেতা ছানী দেওল,সুনীল চেত্তি, জেকি শ্ৰফ, পূজা ভাট আদিকে ধৰি বিভিন্নজন অভিনেতা-অভিনেত্ৰীয়ে। তাৰ পৰৱৰ্তী সময়ত এল.অ’.চি কাৰ্গিলে বক্স অফিচত উপাৰ্জন কৰিছিল ১৭.৬৪ কোটি টকা ,টেংগো চাৰ্লিয়ে ৭.১৬ কোটি টকা , হৃত্বিক ৰোশন অভিনীত লক্ষ্যই উপাৰ্জন কৰিছিল ২৬.২৫ কোটি টকা । বছৰটোৰ ভিতৰতেই শ্ৰেষ্ঠ তথা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱা শ্বেৰশাহে বক্স অফিচত ১৩৬ কোটি উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল । শেহতীয়াকৈ দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা ভূৱন মাঝি নামৰ চলচ্চিত্ৰ খনৰো পটভূমি আছিল ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধ।