অসম চুক্তিক আগবঢ়াই নিয়াৰ লক্ষ্য

Share
অসম চুক্তিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ১৯৮৫ চনত সংশোধনৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ সাংবিধানিক বৈধতাক প্ৰত্যাহবান জনোৱা এক গোটৰ আবেদনৰ ওপৰত মঙলবাৰে ৰায় সংৰক্ষিত ৰাখিলে উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে ।
উল্লেখ্য় যে, এই ধাৰা হৈছে অসমত অবৈধ অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সৈতে সম্পৰ্কিত । মুখ্য় ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে গোচৰটোৰ সকলো পক্ষৰ যুক্তি শুনাৰ পিছত ৰায় সংৰক্ষিত ৰাখে। 
৭ ডিচেম্বৰত শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব আইন, ১৯৫৫ ৰ ধাৰা ৬এ(২)ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা অনুপ্ৰৱেশকাৰীৰ সংখ্যা আৰু ভাৰতীয় ভূ-খণ্ডলৈ অবৈধ প্ৰব্ৰজন ৰোধ কৰিবলৈ এতিয়ালৈকে কি পদক্ষেপ লোৱা হৈছে তাৰ তথ্য় দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। 
এই সন্দৰ্ভত প্ৰদান কৰা শপতনামাখনত কোৱা হয় যে- ২০১৭ চনৰ পৰা ২০২২ চনৰ ভিতৰত ১৪,৩৪৬ গৰাকী বিদেশী নাগৰিকক দেশৰ পৰা বিতাড়িত কৰা হৈছে। আনহাতে, ১৯৬৬ চনৰ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা ১৭,৮৬১ গৰাকী প্ৰব্ৰজনকাৰীক এই ব্যৱস্থাৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *