বনভোজকাৰীলৈ আহিল SOP

Share

গুৱাহাটী,১৩ ডিচেম্বৰঃশীতৰ আগমণৰ লগে লগে ইংৰাজী পুৰণি বৰ্ষক বিদায় দি নতুন বৰ্ষক আদৰিবলৈ সকলোৱে বনভোজস্থলীত মিলিজুলি এসাজ খোৱাৰ আনন্দ লয়।বনভোজ খাবলৈ সুন্দৰ সুন্দৰ ঠাই নিৰ্বাচন কৰা হয়।প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত সময় কটায়ো ভাল পাই বহুতেই।এইবাৰ বনভোজকাৰীলৈ আহিছে কিছু নিৰ্দেশনা।এতিয়াৰে পৰা বনভোজ খাবলৈ গ’লে মানিব লাগিব কিছু নীতি-নিয়ম।বনভোজকাৰীয়ে নিয়ম ভংগ কৰিলেই লব বিহিত ব্যৱস্থা।

উল্লেখযোগ্য যে বনভোজকাৰীয়ে মানিব লাগিব পৰিস্কাৰ-পৰিচ্ছন্নতা।বনভোজ খোৱাৰ পিছত বনভোজকাৰীয়ে  খোৱাৰ পাছৰ কোনোধৰণৰ অৱশিষ্ট আৱৰ্জনা সমুহ বনভোজস্থলীৰ কাষৰ নৈ, জান-জুৰি, বিলত পোলাব নোৱাৰিব।ইয়াৰোপৰি সুৰাৰ বটল,প্লাষ্টিকৰ গিলাচ পেলাব নোৱাৰিব নৈত।যিহেতু বনভোজ খাবলৈ বন্ধু-বৰ্গ, নিজৰ পৰিয়ালৰ লগতে যোৱা হয়, গতিকে বনভোজ খাই ৰোৱা অৱশিষ্ট বস্তু খিনিও পেলাব নোৱাৰিব বনভোজস্থলীত,লেতেৰা কৰি থৈ আহিব নোৱাৰিব,কিয়নো একাংশ বনভোজকাৰীয়ে বনভোজ খাই সেই ঠাই লেতেৰা কৰা পৰিলক্ষিত হয়।এতিয়াৰে পৰা বনভোজ খোৱাৰ পাছত সেই স্থান ভালদৰে পৰিস্কাৰ-পৰিচ্ছন্ন কৰি থৈ আহিব লাগিব বনভোজকাৰীয়ে।বনভোজস্থলী লেতেৰা কৰাৰ ফলত পৰিৱেশ বিনষ্ট হয়।পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি মানিব লাগিব নীতি-নিয়ম। 

Leave a Reply

Your email address will not be published. Required fields are marked *