৩৭০ অনুচ্ছেদ বাতিলত সমৰ্থন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Share

জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ ধাৰা বাতিল কৰাক লৈ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তক সেউজ সংকেত দিয়াৰ পিছতেই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াক সমৰ্থন কৰে । উচ্চতম ন্যায়ালয়ে লগতে নিৰ্বাচন আয়োগক ২০২৪ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰ বিধানসভাৰ নিৰ্বাচন আয়োজন কৰিবলৈ নিৰ্দেশ দিছিল।

ইয়াৰ উপৰিও, ন্যায়ালয়ে জম্মু-কাশ্মীৰত মানৱ অধিকাৰ উলংঘন নথিভুক্ত কৰাৰ বাবে এক আয়োগ স্থাপনৰো পৰামৰ্শ দিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই ৰায়ৰ প্ৰশংসা কৰি কয় যে,”অনুচ্ছেদ ৩৭০ সন্দৰ্ভত উচ্চতম ন্যায়ালয় দিয়া ৰায়ে ভাৰতত দীৰ্ঘদিনধৰি চলি অহা একত্ৰীকৰণ নীতিক আৰু অধিক দৃঢ় কৰি তুলিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা প্ৰগতি আৰু সমৃদ্ধিৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি জম্মু, কাশ্মীৰ আৰু লাডাখত বসতি স্থাপন কৰা সকলো শ্ৰেণীক একত্ৰিত হৈ থকাত এই ৰায়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব।“

Leave a Reply

Your email address will not be published. Required fields are marked *