টকা গণি গণি বিকল হ’ল যন্ত্ৰ

Share

“যিফালে যায় কেবল টকা আৰু টকা” ৷ টকাৰ এক বৃহত পাহাৰ দেখি তবধ মানিলে আয়কৰ বিভাগে ৷ এই ঘটনা সংঘটিত হৈছে ওড়িশ্বা আৰু ঝাৰখণ্ডত ৷ ” বো ডিষ্টিলেৰী প্ৰাইভেট লিমিটেড ” নামৰ ওড়িশ্বা আৰু ঝাৰখণ্ডত থকা সুৰা কোম্পানীৰ কাৰ্যালয়ত আয়কৰ বিভাগৰ এটা দলে অভিযান চলাই এক বৃহত পৰিমাণৰ টকাৰ ভাণ্ডাৰ উদ্ধাৰ কৰে ৷ অভিযানৰ সময়ত আয়কৰ বিভাগৰ দলটোৱে ঘৰৰ আলমিৰাত জাপ জাপকৈ ৰাখি থোৱা ৫০০ আৰু ২০০ টকীয়া নোট বোৰ দেখি হতবাক হৈ পৰিল ৷ ঠিক সেই সময়তে সেই টকাবোৰ গণিবলৈ অনা যন্ত্ৰটোও ৫০ কোটি টকা গণি গণি অৱশেসত বিকল হৈ পৰিল যদিও শেষত গোটে টকাবোৰ বাজেয়াপ্ত কৰি লৈ যায় আয়কৰ বিভাগৰ দলটোৱে ৷ ‘বো ডিষ্টিলেৰী প্ৰাইভেট লিমিটেড ‘ নামৰ এই সুৰা কোম্পানীটোৰ বিৰুদ্ধে বহু দিনৰেপৰা কৰ ফাকি দি থকাৰ অভিযোগ আহি আছিলে আৰু যাৰ বাবে আয়কৰ বিভাগে এই কোম্পানীৰ বিৰুদ্ধে তালাচী চলাই টকাখিনি বাজেয়াপ্ত কৰে ৷ লক্ষণীয় যে উদ্ধাৰ হোৱা টকাখিনিৰ কিমান পৰিমানৰ আছিল এতিয়াও জানিব পৰা হোৱা নাই ৷

Leave a Reply

Your email address will not be published. Required fields are marked *