অসম লোক সেৱা আয়োগৰ নিযুক্তিত কেলেংকাৰী

Share

APSC ৰ কেলেংকাৰী অভিযোগত এজনৰ পাছত আন এজন ৰাজপত্ৰিত বিষয়াক বিশেষ তদন্তৰাৰী গোট(SIT)এ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হবলৈ জাননী জাৰি কৰাৰ সময়তে উক্ত বিষয়ত অভিযুক্ত দুই APS বিষয়া ক্ৰমে ফাৰুক আহমেদ আৰু অসীমা কলিতাক বৃহস্পতিবাৰে পুনৰ SIT ৰ সন্মুখত হাজিৰ হবলৈ নিৰ্দেশ প্ৰদান কৰিছে।অভিযুক্ত দুই বিষয়াৰ ভিতৰত দক্ষিণ হালমৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা ফাৰুক আহমেদক ইতিমধ্যে নিলম্বন কৰা হৈছে ।জানিব পৰা মতে, ফাৰুক আহমেদৰ উত্তৰ বহীত ৭৬ নম্বৰ বৃদ্ধি কৰা হৈছিল । যাৰ ফলত ৬৯০ নম্বৰৰ পৰিবৰ্তে ৭৮৬ নম্বৰ লাভ কৰিছিল ফাৰুক আহমেদে। ঠিক একেদৰেই অসীমা কলিতাৰ মূল পৰীক্ষাৰ উত্তৰ বহীতো নম্বৰ বৃদ্ধি কৰা হৈছিল। উল্লেখ্য যে, ২০১৬ চনত দুৰ্নীতিৰ বিভিন্ন অভিযোগত গ্ৰেপ্তাৰ হোৱা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালে জালিয়াতিৰে বৃদ্ধি কৰিছিল নম্বৰ। 

Leave a Reply

Your email address will not be published. Required fields are marked *